অসমীয়া সাহিত্যত থকা কবিতা, প্ৰৱন্ধ,গদ্য, চুটিগল্প আৰু ভ্ৰমণমূলক সাহিত্য আদি বহুতো কিবা-কিবি লিখি বৰ আনন্দ লাগে মোৰ। এই বিলাক পঢ়ি যেনেকৈ বোধ হয় সাহিত্যৰ সাগৰত গা-দিয়া হৈছে। ঠিক তেনেদৰে সেই জ্ঞানৰ সাগৰৰ পৰা মইও কিছুমান মধুৰ শব্দৰে লিখিবলৈ প্ৰয়াস কৰিছোঁ । আশা কৰো আপোনালোকক ভাল লাগিব।
-------তাৰ বৰণ----- পূৰ্ণ চন্দ্ৰৰ দৰে মূখ তাৰ বিশাল আকাশৰ দৰে হিয়া, পাহাৰৰ নিচিনা ওখ তেওঁ সূৰ্যৰ নিচিনা উজ্জ্লীয়া। চকু যোৰ আছিল তাৰ সপোনেৰে ভৰা বোধ হয় আকাশৰ চিক মিকিয়া তৰা। ওঠ দুটি তাৰ কোমল গোলপীয়া গোলাপ প্ৰকৃতিৰ বিভিন্ন অংগই কৰে তাৰ আলাপ। মূৰত তাৰ চুলি টাৰি ক'লা ক'লা ৰঙৰ সুগোন্ধ পাই আত্মাহাৰা এই বতৰ। মিচিকি হাহিৰে কৰিছিল বিশ্ব অধিন সুখে-দুখে আছিল সি প্ৰতিদিন। কোনোৱাৰ নহয় তাৰ দৰে চৰিত্ৰ ...

Comments
Post a Comment