-------তাৰ বৰণ-----
পূৰ্ণ চন্দ্ৰৰ দৰে মূখ তাৰ
বিশাল আকাশৰ দৰে হিয়া,
পাহাৰৰ নিচিনা ওখ তেওঁ
সূৰ্যৰ নিচিনা উজ্জ্লীয়া।
চকু যোৰ আছিল তাৰ সপোনেৰে ভৰা
বোধ হয় আকাশৰ চিক মিকিয়া তৰা।
ওঠ দুটি তাৰ কোমল গোলপীয়া গোলাপ
প্ৰকৃতিৰ বিভিন্ন অংগই কৰে তাৰ আলাপ।
মূৰত তাৰ চুলি টাৰি ক'লা ক'লা ৰঙৰ
সুগোন্ধ পাই আত্মাহাৰা এই বতৰ।
মিচিকি হাহিৰে কৰিছিল বিশ্ব অধিন
সুখে-দুখে আছিল সি প্ৰতিদিন।
কোনোৱাৰ নহয় তাৰ দৰে চৰিত্ৰ
সি নো পূজাৰ সামগ্ৰীৰ দৰে পৱিত্ৰ।
তেওঁ আছিল, তেওঁ আছে, তেওঁৱেই থাকিব
মোৰ বাবে দেৱতাৰ সমতুল্য।
Comments
Post a Comment