অপূৰ্ণ আশা

ভাবিছিলো থাকিবা গোটেই জীৱন মোৰ লগত

              আশা ভংগ কৰি ক'ত গ'লা, কোন জগতত,


প্ৰতিদিন কৰো মনে মনে তোমাৰ আশা 

           তুমিয়েই মোৰ প্ৰথম আৰু অন্তিম ভালোৱাসা,


প্ৰতিদিন তোমাৰ কথা এনেকৈ মনত পৰে 

           যেন চমৎকাৰ অনুভুতিয়ে মোক সাৱটি ধৰে,


চকুৰ অশ্ৰুৰে তিতী যায় বিছনাৰ গাৰু 

       বহুত কষ্ট হয় তথাপি তোমাক পাহৰিৰ নোৱাৰো,


তোমাৰ কথা মোৰ মনৰ পৰা সেইদিন মুছিব 

       যি দিন মোৰ উশাহ বন্ধ হ'ব, মোৰ কবৰ সাজিব,


নকৰিম কোনো চিন্তা,নকৰিম কোনো ভয়

     ঈশ্বৰক স্মৰণ কৰি চিৰ দিনত বাবে লম বিদায়।।

        

Comments

Popular posts from this blog