সৈনিক
সুন্দৰ ল'ৰা কাবিৰে
কৰিছে এটা পণ
সৈনিক হ'ব বোলে সি
কৰিবলৈ ধৰিছে ৰণ।
দিন ৰাতি এক কৰি
কৰি আছে যত্ন
আজি নহয় কালি সি
পাব তাৰ কষ্টৰ ৰত্ন।
মন দি কৰি আছে
তাৰ নিজ কৰিব লগা কৰ্ম
সি জানে এয়া তাৰ
সৰ্বশ্ৰেষ্ঠ ধৰ্ম।
দেশক মৰম কৰে যি
সিয়েই হ'ল দেশপ্ৰেমী
তাৰ দৰে তুমিও হোৱা
প্ৰৱল পৰিশ্ৰমী।
গ্ৰীষ্ম যায়, বৰ্ষা যায় আৰু যায় শীত
কালৰ কাল শেষ হৈ আছে
নোহোৱা হৈছে তাৰ পিত
সি কেৱল গাই যায় দেশপ্ৰেমী গীত।
অৰ্জুনৰ নিচিনা সি
সকলোতে দক্ষ
মন কৰিছে স্থিৰ
ভেদ কৰিছে লক্ষ্য।

Comments
Post a Comment